Republic Day Facts in Assamese ।গণৰাজ্য দিৱসৰ লগত জড়িত কিছু আমোদজনক তথ্য

Republic Day Facts in Assamese ।গণৰাজ্য দিৱসৰ লগত জড়িত কিছু আমোদজনক তথ্য


গণৰাজ্য দিৱস দেশৰ জাতীয় উৎসৱ। এই দিনটোতে ভাৰতৰ সংবিধান বলবৎ হৈছিল, সেয়েহে এই দিনটো সমগ্ৰ দেশতে উৎসৱৰ দৰে পালন কৰা হয়। গণৰাজ্য দিৱসৰ পেৰেডত সেনা, নৌসেনা আৰু বায়ুসেনা আদি দেশৰ তিনিওটা সেনাইও অংশগ্ৰহণ কৰে আৰু দেশৰ ৰাষ্ট্ৰপতিয়ে ত্ৰিৰংগ উত্তোলন কৰে।  এইবাৰ দেশে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব।  গণৰাজ্য দিৱসৰ লগত জড়িত কিছুমান তথ্য ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ, সেয়েহে এই লেখাটোত আমি Republic Day Facts in Assamese গণৰাজ্য দিৱসৰ লগত জড়িত কিছু আমোদজনক তথ্যজানিম

 

Republic Day Facts in Assamese গণৰাজ্য দিৱসৰ লগত জড়িত কিছু আমোদজনক তথ্য

  ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান সভাৰ দ্বাৰা ভাৰতীয় সংবিধান সৃষ্টি হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই সংবিধান কাৰ্যকৰী কৰা হয়।

2.   েশৰ প্ৰথমটো গণৰাজ্য দিৱস উদযাপন কৰা হয় তেতিয়াৰ ইৰউইন ষ্টেডিয়ামত বৰ্তমান মেজৰ ধ্যান চান্দ ষ্টেডিয়াম নামেৰে পৰিচিত।

3.   প্ৰথম গণৰাজ্য দিৱসৰ পেৰেডত ৩ হাজাৰ ভাৰতীয় সামৰিক জোৱান আৰু ১০০ৰো অধিক বিমানে অংশগ্ৰহণ কৰে।

4.   ভাৰতৰ গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰা প্ৰথম মুখ্য অতিথি আছিল ১৯৫০ চনত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো।

5.    গণৰাজ্য দিৱসৰ পেৰেডৰ দূৰত্ব ৫ কিলোমিটাৰতকৈও অধিক।

6.   স্বাধীন ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সংবিধান সভাৰ দুবছৰ এঘাৰ মাহ আঠাইশ দিন সময় লাগিছিল।

7.   ৃথিৱীৰ  আটাইতকৈ দীঘলীয়া লিখিত সংবিধান হৈছে ভাৰতীয় সংবিধান।

8.   ড° বি আৰ আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈ ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ এখন খচৰা সমিতি গঠন কৰা হয়।

9.       গণৰাজ্য দিৱসত যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে তেতিয়া ২১ বন্দুকৰ চেলুট দিয়া হয়।

10.  ভাৰতৰ জাতীয় পতাকাৰ ওপৰত গেৰুৱা , মাজত বগা আৰু তলত গাঢ় সেউজীয়া

11.  ভাৰতৰ জাতীয় পতাকাক ত্ৰিৰংগ বুলিও কোৱা হয়।

12.   জাতীয় পতাকাখনত অশোক চক্ৰ আছে আৰু ইয়াৰ ২৪টা স্পক থাকে।

13.   ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত ২:৩।

14.   ১৯৪৭ চনৰ ২২ জুলাইত অনুষ্ঠিত সংবিধান সভাৰ বৈঠকৰ সময়ত বৰ্তমানৰ ৰূপত ভাৰতৰ জাতীয় পতাকা গ্ৰহণ কৰা হয়।

15.  ১৯৩১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ত্ৰিৰংগ পতাকা গ্ৰহণ কৰিছিল

16.   ভাৰতৰ জাতীয় পতাকাত গেৰুৱা ৰঙে সাহস আৰু ত্যাগক প্ৰতিনিধিত্ব কৰে  বগা ৰঙ সত্যৰ প্ৰতীক আৰু সেউজীয়া ৰঙ জীৱনৰ সমৃদ্ধিৰ প্ৰতীক

17.   জাতীয় পতাকাত থকা বৃত্তটো প্ৰগতি আৰু গতিৰ প্ৰতীক

18.   আইন অনুসৰি ভাৰতৰ জাতীয় পতাকাখন খাদীৰে তৈয়াৰ কৰিব লাগে

19.   ভাৰতৰ জাতীয় পতাকাখনৰ ডিজাইন কৰিছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামী পিংগালী ভেংকয়াই

20.   পতাকা সমিতিৰ প্ৰথম অধ্যক্ষ ° ৰাজেন্দ্ৰ প্ৰসাদ

Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Group Join Now
Telegram Group Join Now